December 16, 2025 6:57 PM

views 12

কোকৰাঝাৰত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত

কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত হয়। বিশ্ব শান্তি, সমৃদ্ধি আৰু মানৱৰ কল্যাণৰ অৰ্থে এই পূজা-অর্চনা অনুষ্ঠিত হয়। বড়োভূমিৰ লগতে অসমৰ অন্যান্য অঞ্চল আৰু পশ্চিম বংগৰ পৰাও অহা যথেষ্ট সংখ্যক লোকে এই পূজাত অংশগ্ৰহণ কৰে। বি টি চিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰী, ৰাজ্...

December 16, 2025 6:55 PM

views 6

মঙলদৈত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত

মঙলদৈৰ অগ্ৰণী সামাজিক অনুষ্ঠান জীপচি গিল্ডৰ উদ্যোগত জাৰকালিৰ অনুষ্ঠান শীর্ষক কাৰ্যসূচীৰ অধীনত আজিৰে পৰা দুদিনীয়াকৈ এখন পুথি চিত্র কর্মশালা আৰু ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আলতাফ মজিদৰ সোঁৱৰণত এই ছুটি ছবি প্রদর্শনী অনুষ্ঠিত হৈছে। ৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত পুথি চিত্রশিল্পী সু...

December 16, 2025 6:50 PM

views 7

বজালীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বজালী আৰক্ষীয়ে কালি সন্ধিয়া বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্য জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সমর্থ হয়। বজালী জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাই আজি এখন সংবাদ মেলত কয় যে বজালী আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত কালি জিলাখনৰ ৰাজঘাট-কঁহৰা ...

December 16, 2025 6:48 PM

views 8

ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন

১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন স্থানত বিজয় দিৱস পালন কৰা হয়। অসম আৰক্ষীয়ে বীৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। একেদৰে ঠায়ে ঠায়ে বীৰ সৈনিকসকলক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে আজিৰ দিনটোতে পাকি...

December 16, 2025 6:43 PM

views 21

অহা ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্রহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ ৭ জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শ...

December 16, 2025 1:31 PM

views 24

লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰিছে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। চেক বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা...

December 16, 2025 1:29 PM

views 18

নগাঁৱৰ ধিঙত ৩,৪৭১ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। অহা ২০ ডিচেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ বাবে তিনি শতাধিক আৰক্ষী-জোৱান নিয়োগ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই চৰকাৰী ভূমি দখল কৰি একাংশ লোকে মীন পালনৰ বাবে পুখুৰী খননৰ ব্যৱস্থা কৰিছিল। প্ৰশাসনে...

December 16, 2025 1:28 PM

views 7

মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা-২০২৫ প্ৰদান

মাজুলীৰ শ্ৰীশ্ৰী এলেঙী বাঁহজেঙনী সত্ৰৰ পৃষ্ঠপোষকতাত কালি মাজুলীৰ পাঁচগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰক, প্ৰসাৰক আৰু শিল্পীক নাটমল্লাৰ বঁটা, ২০২৫ প্ৰদান কৰা হয়। নাটমল্লাৰঃ সত্ৰীয়া সংস্কৃতিৰ কলাকেন্দ্ৰৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু পদ্ধতিগতভাৱে চৰ্চা কৰি থকা সত্ৰীয়া...

December 16, 2025 1:26 PM

views 9

ডিব্ৰুগড়ত APDCLৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত পৰ্যালোচনা সভা

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত কালি APDCL ৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰ সৈতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত এখন পৰ্যালোচনা আৰু সজাগতা সভা অনুষ্ঠিত হয়। পৌৰ নিগমৰ অন্তৰ্গত অঞ্চলসমূহৰ বাসিন্দাসকলক এই আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে সভাত আলোচনা কৰা হয়। এই স...

December 16, 2025 1:25 PM

views 15

নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত MASTER GAMES প্রতিযোগিতাৰ যোগাসনত ধেমাজি দল শ্ৰেষ্ঠ

অসম MASTER GAMES সন্থাৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত যোৱা ১২ৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত সপ্তম সদৌ অসম MASTER GAMES প্রতিযোগিতাত ধেমাজি জিলাৰ ১৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈ স্থান অর্জন কৰিছে। এই প্ৰতিযোগিতাত জিলাখনৰ দলটো শ্ৰেষ্ঠ যোগাসন দল হিচাপে বিবেচিত হয়।