December 18, 2025 4:22 PM

views 30

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনা...

December 18, 2025 4:20 PM

views 23

পুনেত ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অসমক প্রতিনিধিত্ব কৰিব

দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অহা ২০ ডিচেম্বৰৰ পৰা পুনেত হ'বলগীয়া ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত অসমক প্রতিনিধিত্ব কৰিব। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই উৎসৱত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে জ্যোতিস্...

December 18, 2025 4:18 PM

views 32

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত...

December 18, 2025 4:15 PM

views 18

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মি...

December 18, 2025 4:13 PM

views 12

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূ...

December 18, 2025 4:10 PM

views 24

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱ...

December 18, 2025 4:54 PM

views 26

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবা...

December 18, 2025 4:51 PM

views 33

কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী জেকব হেলবার্গে প্রকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অহা ফেব্ৰুৱাৰীত হ'...

December 18, 2025 4:49 PM

views 23

সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান

AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব ম...

December 18, 2025 4:47 PM

views 17

পশ্চিমবংগত ভোটাৰ তালিকাৰ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ

পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ অংশ হিচাপে সংশ্লিষ্ট ব্যক্তিসকললৈ আজিৰেপৰা শুনানিৰ বাবে জাননী প্ৰেৰণ কৰা হ'ব। ভোটদাতাসকলে শুনানিৰ বাবে ৭ দিন সময় লাভ কৰিব। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে প্রকাশ কৰা মতে অহা সপ্তাহৰ পৰা শুনানি প্রক্রিয়া আৰম্ভ হ'ব। ৮৫ আৰু ইয়াৰ ঊৰ্ধৰ জ্...