January 18, 2025 7:43 PM January 18, 2025 7:43 PM

views 7

ডিমা হাচাও জিলাৰ উমৰাংছ’ত শোকাৱহ স্কুলবাছ দুৰ্ঘটনা

ডিমা হাচাও জিলাৰ উমৰাংছ' আৰক্ষী থানাৰ অধীনৰ ১৯ কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাৱহ স্কুলবাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্র বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগতে ৬ গৰাকী ছাত্র-ছাত্রী গুৰুতৰভাৱে আহত হৈছে। আহত ছ...

January 18, 2025 7:40 PM January 18, 2025 7:40 PM

views 18

কাইলৈ প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা

শিক্ষা বিভাগে প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুয়োবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত ৩৯ হাজাৰ ২২৪ গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত ৩০ হাজাৰ ৩৫৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। টেট পৰীক্ষাৰ...

January 18, 2025 7:26 PM January 18, 2025 7:26 PM

views 11

বৰপেটাত আজিৰে পৰা দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা তিনিদিনীয়াকৈ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। ইয়াৰ লগতে অধিবক্তা দীপক দাসে ভাওনা সমাৰোহৰ স্মৃতি তৰ্পণ কৰে।

January 18, 2025 7:24 PM January 18, 2025 7:24 PM

views 12

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত

নলবাৰী জিলাৰ বিল্বেশ্বৰ দেৱালয়ৰ বাকৰিত অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিবেশন কালিৰে পৰা অনুষ্ঠিত হৈছে। বিশিষ্ট নাট্যকাৰ তথা অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক ৰমেশ কুমাৰ হালৈয়ে এই অধিবেশন উদ্বোধন কৰে। অধিবেশনৰ আজি দ্বিতীয় দিনা কেন্দ্ৰীয় বিষয়ববীয়া, মণ্ডল আৰু জিলা সমিতিৰ বিষয়ববীয়া আৰ...

January 18, 2025 7:23 PM January 18, 2025 7:23 PM

views 13

জনার্দন দেৱগোস্বামীৰ নেতৃত্বত মহাকুম্ভলৈ ভকত-বৈষ্ণৱৰ দল ৰাওনা

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল আজি প্রয়াগৰাজৰ মহাকুম্ভ মেলালৈ ৰাওনা হৈছে। এই উপলক্ষ্যে আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্রী ডা০ বণোজ পেগু...

January 18, 2025 7:09 PM January 18, 2025 7:09 PM

views 9

তিনিদিনীয়া কাৰ্যসূচীৰে পীয়ুছ গোৱেলৰ ব্ৰুছেলছ ভ্ৰমণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুছ গোৱেলে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ব্ৰুছেলছ ভ্ৰমণ কৰিব। এই ভ্রমণ কালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়োগৰ অধ্যক্ষ মাৰ্কোচ চেফকোভিকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। এই বৈঠকত ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক...

January 18, 2025 7:04 PM January 18, 2025 7:04 PM

views 9

অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

সংসদৰ বাজেট অধিৱেশন অহা ৩১ জানুৱাৰীত আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ...

January 18, 2025 6:56 PM January 18, 2025 6:56 PM

views 15

কাইলৈ আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্...

January 18, 2025 6:48 PM January 18, 2025 6:48 PM

views 12

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ১,৫২১ খন মনোনয়ন পত্ৰ দাখিল

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মুঠ এহেজাৰ ৫২১ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৬৮০খন মনোনয়ন পত্র দাখিল কৰা হৈছে । নির্বাচন আয়োগে জনোৱা অনুসৰি নতুন দিল্লী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে ২৯ গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ৪০খন মনোনয়ন পত্র...

January 18, 2025 8:25 PM January 18, 2025 8:25 PM

views 11

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীসকলৰ মাজত স্বামীত্ব আঁচনিৰ অধীনত প্রায় ৬৫ লাখ সম্পত্তি কাৰ্ড বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটোক গ্ৰাম্য অৰ্থব্...