December 21, 2025 11:47 AM

views 29

বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ

চীনৰ হাংজোত অনুষ্ঠিত বিশ্ব বেডমিণ্টন ট্যুৰ ফাইনেল ২০২৫ত ভাৰতৰ সাত্বিকছাইৰাজ ৰেনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁলোকে চীনা যুটী লিয়ান উই কেং আৰু ৱাং চাঙক চেমিফাইনেলত ১০-২১, ২১-১৭, ২১-১৩ গেমত পৰাজিত কৰে। এই প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰে দ্বিতীয়বাৰৰ বাবে পদক লাভ কৰিছে। ...

December 21, 2025 11:44 AM

views 54

এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ২০২৬-২৭ বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰ্যালয়ে জনসাধাৰণৰ পৰা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দিহা-পৰামৰ্শৰ আহ্বান

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বিধেয়কখনে কেৱল কৃষক আৰু শ্ৰমিকসকলকে যে উপকৃত কৰিব এনে নহয়, বৰং গাঁওসমূহৰ সকলো দিশৰ উন্নয়নকে ই সংযুক্ত কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত চৌধুৰী চৰনসিং সন্মান ২০২৫- অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান...

December 21, 2025 11:39 AM

views 23

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ’ৰ স্বীকৃতি লাভ

অসমৰ থলুৱা নাগী হাঁহ আৰু ৰাজহাঁহৰ ৰাজদীঘেলী প্ৰজাতিয়ে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় জীৱ-জন্তু জীনিয় সমল ব্যুৰ'ৰ স্বীকৃতি লাভ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ড০ গালীব উজ জামানৰ নেতৃত্বত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰকল্পৰ অধীনত চলোৱা প্ৰায় ২৫ বছৰীয়া গৱেষণাৰ অন্তত ...

December 21, 2025 11:27 AM

views 19

গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত বুজাবুজিৰ চুক্তি

গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলাক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া তথা ইংৰাজী বিভাগৰ মাজত শেহতীয়াকৈ এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়। এই বুজাবুজিৰ চুক্তিখনে মূলতঃ অনুবাদ অধ্যয়ন, পূৰ্বোত্তৰ ভাৰতৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণ, বি...

December 21, 2025 11:20 AM

views 22

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰা...

December 21, 2025 11:14 AM

views 20

কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা অস্থিৰতাৰ সৃষ্টি কৰা কাৰ্য প্ৰতিৰোধৰ বাবে তেলেংগানা চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিব

কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা অস্থিৰতাৰ সৃষ্টি কৰা কাৰ্য প্ৰতিৰোধৰ বাবে তেলেংগানা চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিব। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱনাথ ৰেড্ডীয়ে কালি এই ঘোষণা কৰে ৷ বাজেট অধিৱেশনৰ সময়তে এই প্ৰস্তাৱিত বিধেয়কখন উত্থাপন কৰা হ'ব। হায়দৰাবাদত কালি সন্ধিয়া আয়োজিত...

December 21, 2025 11:07 AM

views 35

আজি বিশ্ব ধ্যান দিৱস

আজি বিশ্ব ধ্যান দিৱস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে। কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক। ভাৰতৰ আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰ...

December 21, 2025 11:02 AM

views 18

সাংবিধানিক প্রতিষ্ঠানসমূহে ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

সাংবিধানিক প্রতিষ্ঠানসমূহে সংবিধানৰ ভাবনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱা নিধি ন্যাসৰ ৩৩ সংখ্যক বৰ্ষিক অনু...

December 21, 2025 10:56 AM

views 30

অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ প্ৰকাশ

অসামৰিক সেৱাৰ গুণগত মানে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য পূৰণ আৰু প্ৰশাসকসকলৰ গুণৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা পালন কৰিব বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। হায়দৰাবাদত কালি বিয়লি ৰাজ্যিক লোক সেৱা আয়োগৰ...

December 21, 2025 10:47 AM

views 26

একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি

ৰাজ্য চৰকাৰে একত্ৰিকৰণৰ পাছত খালী হৈ থকা বিদ্যালয়সমূহৰ ভূমি সম্পত্তি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা আৰু উচিত ব্যৱহাৰৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক একত্ৰিকৰণ আৰু প্ৰাদেশীকিকৃত কৰণৰ পাছত খালী হৈ থকা বিদ্যালয়ৰ ভূমি আৰু ভৱন সমূহৰ সুৰক্ষ...