January 15, 2025 8:41 PM January 15, 2025 8:41 PM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন কৰে। প্ৰায় ৯ একৰ ভূমিত ইস্কনে নিৰ্মাণ কৰা এই মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভালেমান দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰাৰ লগতে ইয়াক বৈদিক শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ আঁচনি লোৱা হৈছে। এই মন্দিৰ প...

January 15, 2025 8:36 PM January 15, 2025 8:36 PM

views 13

সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা জ্ঞাপন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয়, যে সাহস, ত্যাগ আৰু পেচাদাৰিত্বৰ বাবে ভাৰতীয় সেনা সুবিখ্যাত। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা উচৰ্গাৰ মনোভাৱৰ লগতে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত নাগৰিকসকল...

January 15, 2025 8:32 PM January 15, 2025 8:32 PM

views 18

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰ তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ শীৰ্ষ নেতা তাৰিক ৰহমানক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে। বাংলাদেশৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰাফাৎ আহমেদৰ নেতৃত্বৰ এখন ৫ জনীয়া খণ্ড বিচাৰপীঠে ২০...

January 15, 2025 8:30 PM January 15, 2025 8:30 PM

views 12

দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ অভিযোগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্রকাশ নাড্ডাই দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি অভিযোগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা অভিযোগসমূহৰ উত্তৰত শ্ৰীনাড্ডাই কয়, যে কংগ্ৰেছ নেতাজনে বিজেপি, আৰ এছ এছ আৰু সমগ্ৰ দেশখনৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধত লিপ্ত...

January 15, 2025 8:27 PM January 15, 2025 8:27 PM

views 16

মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ গুৰুত্ব

চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। এই ব্যৱস্থাসমূহ সুনিশ্চিত কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক কৰ্তব্যত মকৰল কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে, এইবাৰৰ কুম্ভমেলাক ৫ টা ক্ষেত্র আৰু ২৫...

January 15, 2025 8:26 PM January 15, 2025 8:26 PM

views 32

অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন দাখিল

কেতবোৰ সংগঠিত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ অপৰাধমূলক কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ পৰা পোৱা তথ্যৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত পূর্বে অপৰাধমূলক কাৰ্য্য-কলাপত জড়িত ব্যক্তিকো তদন্তৰ আওঁতালৈ আ...

January 15, 2025 8:20 PM January 15, 2025 8:20 PM

views 4

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ

অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিবলৈ মাজত মাথো দুটা দিন থকাৰ অৱস্থাত দিল্লীত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লী সমষ্টিৰ বাবে মনোনয়ন পত্র দাখিল কৰে। প্ৰদেশ...

January 15, 2025 8:03 PM January 15, 2025 8:03 PM

views 14

ৰাজ্যৰ বিভিন্ন ঠাইৰ ভোগালী বিহুৰ কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীৰ অংশগ্ৰহণ

পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ নগাঁও জিলাৰ নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ছদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীত আজি মন্ত্রী...

January 15, 2025 7:50 PM January 15, 2025 7:50 PM

views 7

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্রিকেট দলৰ শৃংখলা দখল

ভাৰতীয় মহিলা ক্রিকেট দলে আজি গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ৩-০ৰ ফলাফলেৰে শৃংখলা দখল কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৪৩৫ ৰাণ কৰি ইতিহাস ৰচনা কৰে। এয়া এদিনীয়া ক্ৰিকেটত ভ...

January 15, 2025 7:46 PM January 15, 2025 7:46 PM

views 14

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ  কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাজিৰঙাৰ অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। অগৰাতলীৰ চহলা বিলত বিভিন্ন পৰিভ্ৰমী পক্ষী দৰ্শন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষত অগৰাতলীত পক্ষী মহোৎসৱ আয়োজনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। পক্ষীপ্ৰেমীসকলৰ কাৰণে ভূস্বৰ্গস্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বমুঠ ৫০০বিধ প্ৰজা...