December 22, 2025 12:21 PM

views 8

আৰাৱলীৰ পৰিৱেশতন্ত্ৰ ধ্বংস হোৱাৰ বাতৰিক নস্যাৎ কৰি আৰাৱলীৰ পৰিৱেশতন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি চৰকাৰৰ নিশ্চিতি

আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হোৱাৰ ভিত্তিহীন উৰাবাতৰিক নস্যাৎ কৰি চৰকাৰে আৰাৱলীৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে অটুট থকা বুলি নিশ্চিত কৰে। এটা প্ৰেছ বিজ্ঞপ্তিত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কয়, যে বনানিকৰণ, জৈৱ সংবেদনশীল অঞ্চলৰ ঘোষণা আৰু খনন তথা নগৰীয়া কাৰ্যকলাপৰ কঠোৰ নীৰিক্ষণৰ বাবে আৰাৱল...

December 22, 2025 12:19 PM

views 15

বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ

বাংলাদেশত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ মাজতে কালিৰে পৰা চট্টগ্ৰামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কামকাজ বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত চট্টগ্রাম কেন্দ্ৰৰ পৰা সকলো ধ...

December 22, 2025 12:18 PM

views 51

বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ অনুমোদন

গ্রাম্য নিয়োগ নীতি পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কালি বিকশিত ভাৰত জি ৰাম জী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতেই শীতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বিভি ...

December 22, 2025 12:13 PM

views 12

লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বিনিয়োগৰ কেইবাটাও প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়। ড০ শৰ্মাই লগতে বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ যাতে খৰতকীয়াকৈ বাস্তবায়িত হোৱাৰ দিশত আগবাঢ়ে তাৰ বাবে বিনিয়োগকাৰীসকলৰ সমস্...

December 22, 2025 12:11 PM

views 11

পশ্চিম কাৰ্বি আংলং জিলাত ৩,২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ

পশ্চিম কাৰ্বি আংলং জিলাত কালি তিনি হাজাৰ ২০০টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পুথিমি আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। এই আঁচন...

December 22, 2025 12:10 PM

views 101

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰিব গৃহমন্ত্রী অমিত শ্বাহে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ উদ্দেশ্যে নির্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্রকল্প গৃহমন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত উদ্বোধন কৰিব। নিৰ্মাণকাৰ্য প্ৰায় সম্পূর্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখয...

December 22, 2025 12:08 PM

views 28

মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ

বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ'ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান ক...

December 22, 2025 12:05 PM

views 10

নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে

অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া প্ৰচেষ্টাত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা ১৯ জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা হোজাই আৰু বিশ্বনাথ জিলাৰ দুগৰাকী ম...

December 22, 2025 12:04 PM

views 8

চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে’লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰে'লৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অহা ২৬ ডিচেম্বৰৰ পৰা দূৰনীবটীয়া যাত্ৰীবাহী ৰে'লৰ ভাৰাৰ নতুন নিৰিখ কাৰ্যকৰী হ'ব বুলি ৰে'ল মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে জুলাইত দূৰণীবটীয়া মেইল আৰু এক্সপ্ৰেছৰ ভাৰা বৃদ্ধি কৰা হৈছিল। প্ৰতি কিলোমিটাৰ...

December 22, 2025 12:03 PM

views 12

কাছাৰ আৰক্ষীৰ অভিযানত ৫১৯ গ্রাম হেৰ’ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় প্রতিদিনে আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৫১৯ গ্রাম হেৰ'ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে লোককেইজনক জেৰা অব্যাহত ৰাখিছে।