অষ্ট্ৰেলিয়াৰ দক্ষিণ-পূব অঞ্চলৰ ভিক্টোৰিয়া প্ৰদেশত সংঘটিত বনজুইৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুর্যোগ ঘোষণা কৰা হৈছে। কেইবাটাও অঞ্চললৈ বনজুই বিয়পি পৰাৰ ফলত ভালেসংখ্যক লোকক স্থানান্তৰ কৰাৰ লগতে জৰুৰীকালীন সেৱা আগবঢ়োৱা হৈছে।
উষ্ণতা, প্রচণ্ড বতাহ তথা শুকান বতৰৰ বাবে বনজুই নতুন নতুন অঞ্চললৈ সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত কর্তৃপক্ষই কালি ৰাজ্যিক দুৰ্যোগৰ ঘোষণা কৰে। দেশখনৰ কেইবাখনো নগৰত কনজুই বিয়পি পৰাৰ বাবে বাসিন্দাসকলক তাৎক্ষণিকভাৱে ঘৰ খালী কৰাৰ পৰামৰ্শ দিয়ে। কেইবাখনো ৰাজ্যৰ পৰা অহা অগ্নিনির্বাপক বাহিনীৰ কৰ্মীয়ে প্ৰতিৰক্ষা কৰ্মীসকলৰ সৈতে জুই নুমোৱা কাৰ্যত সহযোগ কৰিছে। অহা কেইদিনমানৰ ভিতৰত এই অবস্থা অতি ভয়াবহ হৈ পৰিব পাৰে বুলি কর্তৃপক্ষই আনুষ্ঠানিক সতর্কতা জাৰি কৰিছে।