December 12, 2025 12:23 PM | Australia

printer

অষ্ট্ৰেলিয়াত কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে আইন গৃহীত

অষ্ট্ৰেলিয়াত ১৪ বছৰতকৈ কম বয়সৰ বিদ্যালয়ৰ কন্যা শিশুসকলৰ বাবে মূৰত কাপোৰ মাৰি যোৱাটো বন্ধ কৰাৰ বাবে এখন আইন গৃহীত কৰিছে। এই আইন ব্যৱস্থা চৰকাৰী আৰু ব্যক্তিগত সকলো বিদ্যালয়ৰ কন্যা শিশুসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হব। এই নতুন আইনে ১৪ বছৰ বয়সতকৈ তলৰ কন্যা শিশুসকলক হিজাব অথবা বোর্খাৰ দৰে মুছলমানসকলৰ পৰম্পৰাগত মুৰ ঢাকি ৰখা নিয়মৰ পৰা ৰেহাই দিব। চৰকাৰী পক্ষই প্ৰকাশ কৰা মতে, কন্যাসকলৰ সবলীকৰণৰ লগতে তেওঁলোকক শোষণ আৰু অত্যাচাৰৰ পৰা সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই আইন বলবৎ কৰা হৈছে।