অসমত বিগত ৬ বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধিঃ কৃষিমন্ত্ৰী অতুল বৰা

অসমত যোৱা ৬টা বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। কৃষি, পশুপালন তথা পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নর্থ-ইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে। ড’নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটিত তেওঁ লগতে কয় যে, অসমত শেহতীয়াকৈ সুকীয়া কর্মসংস্কৃতিৰ পৰিৱেশ ৰচনা হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ কল্যাণ তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ হকে কাম কৰি আছে। মন্ত্ৰী বৰাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট-ইষ্ট পলিচিৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি, বাণিজ্য উদ্যোগ আন্তঃগাঁথনি সৃষ্টি আদি খণ্ডসমূহত উজ্জীৱিত পৰিৱেশৰ সৃষ্টি হৈছে। ভৌগোলিক স্থিতি তথা স্বকীয় বৈশিষ্টৰে ভৰা অসমৰ মাটি আৰু কৃষি জলবায়ুৱে উৎপাদিত শস্যক বিশেষ মাত্ৰা প্ৰদান কৰাৰ বাবেই অসমৰ ৰঙা চাউল, ক’লা চাউল, জহা চাউল, কাজি নেমু আদিৰ চাহিদা আন্তর্জাতিক বজাৰত বৃদ্ধি পাইছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানটিত মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্রতিষ্ঠান, সংগঠনে প্ৰদৰ্শন কৰা বাণিজ্যিক সামগ্ৰী তথা প্ৰযুক্তি পৰিদৰ্শন কৰা লগতে কৃষক আৰু উদ্যমী যুৱক-যুৱতীসকলৰ সৈতেও মত বিনিময় কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।