ডাউনলোড
মোবাইল এপ

android apple
signal

বান-খৰাং পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ আহিব কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

ৰাজ্যৰ বান আৰু খৰাংপীড়িত কেইবাখনো জিলাৰ পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাসমূহ ভ্ৰমণ কৰিব। নতুন দিল্লীৰ কৃষি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠকৰ সময়ত কালি শ্ৰী চৌহানে এই বিষয়ে আশ্বাস দিয়ে। বৈঠকত মন্ত্ৰী শ্ৰীবৰাই অসমৰ কৃষকসকলে সম্প্ৰতি সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে তেওঁক অৱগত কৰে। ৰাজ্যৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বহু অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। এই প্রাকৃতিক দুর্যোগে কৃষকসকলৰ লগতে গ্রাম্য অৰ্থনীতিত পেলোৱা প্ৰভাৱ সম্পৰ্কেও মন্ত্ৰীগৰাকীয়ে শ্ৰীচৌহানৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰৰ সংকটৰ সময়ত অসমৰ কৃষকসকলৰ কাষত থাকিব বুলি আশ্বাস দিয়ে। তেওঁ শীঘ্ৰে ৰাজ্যত বান আৰু খৰাঙত ক্ষতিগ্ৰস্ত জিলাসমূহ ভ্ৰমণ কৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। এই বৈঠকত ৰাজ্যখনত কেতবোৰ শস্যৰ জাতৰ বিষয়ত অধিসূচনা জাৰি নকৰাৰ গুৰুত্বপূৰ্ণ বিষয়টো মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষকসকলৰ সুবিধার্থে ৰাজমাহ, মচুৰ দাইল, ৰহৰ দাইল, সূর্যমুখী ফুল, নহৰু আৰু পিঁয়াজকে ধৰি কেইবাবিধো শস্যৰ অধিসূচনা জাৰিৰ ব্যৱস্থা ল’বলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদক নির্দেশ দিয়ে। এই বৈঠকত কৃষি মন্ত্ৰীগৰাকীয়ে ফচল বীমা যোজনাৰ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰে। কৃষকসকলক সহজে বীমাৰ সুবিধা দিবলৈ বাধ্যতামূলক ডিজিটেল কৃষক পঞ্জীয়নৰ ব্যৱস্থা কিছু শিথিল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তদুপৰি উত্তৰ-পূবৰ বাবে মিছন অর্গেনিক ভেলু চেইন ডেভেলপমেণ্ট আঁচনিখনৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰাৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় কৃষি সচিব দেবেশ চতুর্বেদী প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক