ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, মীন পালকসকললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। কৃষি মন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীন পালকসকলক শুভেচ্ছা জনাই কয়, যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ যুৱক-যুৱতীসকলক চৰকাৰী আঁচনিৰ সদ্ব্যৱহাৰ কৰি মৎস্য পালনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমিনগাঁৱত গুৱাহাটী বায়’টেক পার্ক, কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ জিলা মৎস্য বিভাগৰ সহযোগত মীন পালক দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ ১২ গৰাকী কৃতি মৎস্য পালকক সম্বৰ্ধনা জনোৱা হয়। মীন পালকৰ লগতে মৎস্য পালনৰ সৈতে জড়িত ব্যৱসায়ৰ প্ৰশিক্ষণৰ বাবে ডেৰ শতাধিক মহিলাক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হয়। বৰপেটাত এই দিৱস উপলক্ষে জিলা মীন বিভাগৰ কাৰ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মীন বিভাগৰ বিষয়াসকলে জিলাখনৰ মীন পালকসকলৰ সৈতে মত বিনিময়ত অংশ লৈ তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ লগতে অনুষ্ঠানত মীন পালক নুৰ ইছলামক মীন বিভাগৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক