নৱপ্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিতঃ কৃষিমন্ত্ৰী অতুল বৰা

কৃষিমন্ত্ৰী অতুল বৰাই ৰাজ্যৰ নৱ প্ৰজন্মক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান তথা অভিজ্ঞতা আহৰণৰ সুবিধা প্ৰদান কৰা উচিত বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী বৰাই আজি যোৰহাট জিলাৰ চিনামৰাৰ এখন বিদ্যালয়ৰ ভূমিত শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, যদিহে ৰাজ্যৰ শৈক্ষিক প্রতিষ্ঠানসমূহে বিদ্যালয় পৰ্যায়ৰ পৰা শিক্ষাৰ্থীসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হয় তেতিয়া শিক্ষাৰ্থীসকলে বিভিন্ন বৃত্তিৰ লগতে কৃষি বিজ্ঞানী তথা কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব। ইয়াৰ ফলত তেওঁলোক কৃষিকৰ্মৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিয়ে এটা যোগাত্মক দিশ লাভ কৰিব। কৃষিভিত্তিক ৰাজ্য হিচাপে অসমত দক্ষ কৃষক আৰু কৃষি উদ্যোগীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনে হাতত লোৱা এনে ধৰণৰ প্ৰচেষ্টাক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছে। তেওঁ কয় যে, বিদ্যালয়ৰ গুণগত শিক্ষা প্ৰদানৰ সমান্তৰালকৈ বিদ্যালয়খনে বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে। তেওঁ ৰাজ্যৰ বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত এনে ধৰণৰ পদক্ষেপক অনুকৰণ কৰি ৰাজ্যৰ অৰ্থনীতিক এটা নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছে। উল্লেখযোগ্য যে ছাত্র-ছাত্রীসকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ দ্বাৰা কঠিয়া ৰোপণ কৰা হৈছিল।