দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছেঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই মন্তব্য কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ত্রয়োবিংশতিতম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল উন্নত ভাৰত গঢ়াৰ এই প্ৰচেষ্টাৰ মূল হোতা আৰু এই ক্ষেত্ৰত অনুঘটকৰূপে কাম কৰাৰ বাবে তেওঁলোকে নিজকে জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ মাধ্যমেৰে সৱল কৰি তোলাৰ আৱশ্যকতা আছে। দেশৰ উজ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে শিক্ষাৰ্থীসকলে নিজৰ সপোন বাস্তায়িত কৰাৰ বাবে নিষ্ঠাৰে কাম কৰা উচিত বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। সমাৰোহত ভাষাবিদ নাহেন্দ্ৰ পাড়ুনক সন্মানীয় ডি. লীট উপাধি প্ৰদান কৰা হয়। প্লাজমা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক সন্মানীয় ডি এছ চি উপাধি প্ৰদান কৰা হয়। সমাৰোহত এহেজাৰ ৮৮৮ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ১১৪ গৰাকী গৱেষক শিক্ষাৰ্থীক ডক্টৰেট ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে ৩৮ গৰাকী কৃতি শিক্ষাৰ্থীক স্বর্ণ পদক প্ৰদান কৰা হয়। অসমীয়া ডাটা আধুনিকীকৰণ আৰু কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞ, চলচ্চিত্র নির্মাতা তথা কেলিফর্ণিয়াত কৰ্মৰত ড° ৰূপম শৰ্মাই সমাৰোহত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।