ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত এই সমাৰোহত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° হৰিশংকৰ গুপ্তাই সমাৱৰ্তনত ভাষণ দিয়ে। সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধীনত ৯খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইছ ডি লাভ কৰা ৫৪৮গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰীৰ প্ৰমাণপত্ৰৰ লগতে সোণৰ পদক আৰু অন্য পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। কৃষি মন্ত্ৰী অতুল বৰাই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।