ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে প্ৰায় ২০০ মিটাৰ তললৈ সৰি পৰা এই দুর্ঘটনাটোত আহত বাছযাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসায়লৈ নিয়া হয়। প্রায় ৪০ গৰাকী যাত্ৰীক কঢ়িওৱা এই বাছখন লিমাৰ পৰা আয়াকুচ অভিমুখে ৰাওনা হৈছিল। উল্লেখযোগ্য যে যান-বাহনৰ অত্যধিক গতিবেগ, পথৰ দুৰৱস্থা আদি বিভিন্ন প্রতিকুলতাৰ পৰিপ্ৰেক্ষিতাত পেৰুত সততে পথ দুর্ঘটনা সংঘটিত হয় বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। এই সন্দৰ্ভত প্রকাশ পোৱা মতে ৩ কোটি ৪০ লাখ গৰাকী নাগৰিকে বাস কৰা দেশখনত কেৱল যোৱা বছৰটোতেই সংঘটিত ৮৭ হাজাৰতকৈও অধিকসংখ্যক পথ দুৰ্ঘটনাত ৩ হাজাৰ ১০০ গৰাকীতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।