বিগত এঘাৰ বছৰত ভাৰতত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ পর্যন্ত বৃদ্ধি হৈ ১১ কোটি ৫০ লাখ উৎপাদন মূল্য লাভ কৰিছে। ৩ লাখ কোটিৰো অধিক বৈদ্যুতিক সামগ্ৰী ৰপ্তানি কৰাৰ লগতে ২৫ লাখ লোক প্রত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপিত হৈছে। কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি উত্তৰ প্ৰদেশৰ নয়দাত দেশৰ প্ৰথমটো টেম্পাৰ্ড গ্লাছ নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে টেম্পাৰ্ড গ্লাছ মোবাইল ফোনসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আনুসাংগিক অংশ আৰু ইয়াৰ থলুৱা উৎপাদন মেক ইন ইণ্ডিয়াৰ সফলতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক লৈ দেখা সপোনৰ বৃহৎ পদক্ষেপ। দেশে বৈদ্যুতিক আহিলাপাতি নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে ক্ৰমান্বয়ে মোবাইল ফোনত ব্যৱহৃত প্ৰতিবিধ সামগ্ৰী নিৰ্মাণ কৰিব। যাৰ ফলত দেশে বিশ্বৰ ভিতৰতে উল্লেখযোগ্য স্থান লাভ কৰিব। মেক ইন ইণ্ডিয়া উদ্যমৰ প্ৰসাৰৰ লগে লগে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অতি শীঘ্ৰে দেশে অগ্রগতি লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে লগতে যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰম কৰি আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত ২০৪৭ ৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈও আহ্বান জনায়।
Site Admin | August 30, 2025 11:01 PM | Aswini Baishnav
ভাৰতত বিগত এঘাৰ বছৰত বৈদ্যুতিক আহিলা উৎপাদন ছগুণ বৃদ্ধি
