November 28, 2025 8:07 PM | assembly tea tribe

printer

অসম বিধানসভাত চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক গৃহীত

অসম বিধানসভাত আজি চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ ঊৰ্ধ্ৱসীমা নির্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ফলত তিনি লাখ ৩৩ হাজাৰৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচাৰ শ্ৰমিকে ভূমি অধিকাৰ লাভ কৰিব। অৱশ্যে এই বিধেয়কত জলহা চাহ বাগিচাপ শ্রমিকসকলক অন্তর্ভুক্ত কৰা হোৱা নাই । এই সংশোধনী বিধেয়কে অন্য কৃষি কাৰ্যত জড়িত চাহ বাগিচাৰ অন্তৰ্গত শ্রমিক শ্রেণীসমূহক অন্তর্ভুক্ত কৰা নাই। সম্প্ৰতি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলে স্পষ্ট আইনী অধিকাৰ নাইবা সাংবিধানিক সুৰক্ষা অবিহনে ভূমি দখল কৰি আছে। এই নতুন ব্যৱস্থাই তেওঁলোকক স্থায়ীভাৱে ভূমি বন্দোবস্তিত সহায় কৰিব। ইয়াৰ ফলত স্থায়ীভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে ভূমি সম্পৰ্কত তেওঁলোকৰ অসুৰক্ষিত মনোভাব হ্রাস পাব। আজি বিধানসভাত এই সন্দৰ্ভত হোৱা আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়, যে ভূমিৰ পট্টা লাভ কৰাৰ পাছত চাহ বাগিচাৰ ভূমি ২০ বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব। ২০ বছৰৰ পাছত ভূমি বিক্ৰী কৰিলেও সেয়া বাগিচাৰ আন শ্রমিককহে বিক্ৰী কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত ৮২৫ খন চাহ বাগিচা অঞ্চলত দুই লাখ ১৮ হাজাৰ ৫৫৩ বিঘাৰো অধিক ভূমিত শ্রমিকসকলে বাস কৰি আছে। ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা দিয়াৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰাক চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ মজদুৰ সংঘই আদৰণি জনাইছে। তেওঁলোকে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে।