ৰাজ্যত নতুনকৈ আৰু ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম হাতত লোৱা হৈছেঃ স্বাস্থ্য মন্ত্রী অশোক সিংহাল

ৰাজ্যত বর্তমান ১৪ খন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদানৰ লগতে ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ পাঠদান কৰি থকা হৈছে। বিধানসভাত আজি বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে এই কথা প্ৰকাশ কৰি কয়, যে নতুনকৈ আৰু ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, চৰাইদেউ চিকিৎসা মহাবিদ্যালয় আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্রায় সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে হাইলাকান্দি আৰু হোজাই চিকিৎসা মহাবিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ভূমি চিনাক্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আশা কৰ্মীৰ মাননী সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শ্ৰী সিংহলে কয়, যে ৰাজ্যত বৰ্তমান ৩৩ হাজাৰ ৪২১ গৰাকী আশা কৰ্মীয়ে মাহিলী পাৰিতোষিক লাভ কৰি আছে।