কাইলৈ ৰঙালী বিহুৰ উৰুকা, ৰাজ্যজুৰি পাৰভঙা উছাহ

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। কাইলৈ বিহুৰ উৰুকা। পৰহিলৈ ৰাজ্যখনৰ জনসাধাৰণে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। মঙলবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহু উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি-নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে-ভূঞে, চহৰে-নগৰে ৰঙালী বিহুক লৈ উৎসাহ-উদ্দীপনাৰ পৰিবেশে বিৰাজ কৰিছে। ইফালে বিহুৰ বতৰতে অসমৰ গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্রান্তে প্রান্তে গামোচাৰ বিপণী মুকলি কৰা হৈছে। মহানগৰীৰ বিভিন্ন বজাৰত প্ৰয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হৈছে। অনুৰূপ ধৰণে ফাঁচীবজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু বিভিন্ন শ্ব’পিং মলত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে ব’হাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গৰু বিহুৰ দিনা জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে পৰহিলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা ২৪ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ বেলতলা বিদ্যালয় খেল পথাৰত ৪৮ সংখ্যক ব’হাগী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ’ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহুমঞ্চত শ্ৰেষ্ঠত্ব অর্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। তিনিদিনীয়া কাৰ্যসূচীত হুঁচৰি, সাংস্কৃতিক সন্ধিয়া আৰু ১০ গৰাকী জ্যেষ্ঠ শিল্পীৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। নগাঁৱৰ শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আজি ৰঙালী বিহু আদৰণি উৎসৱ অনুষ্ঠিত হয়। ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত আজি শিক্ষাৰ্থীসকলক ৰঙালী বিহুৰ পৰম্পৰাৰ সৈতে পৰিচিত কৰোৱাৰ উদ্দেশ্যে এনেধৰণৰ উৎসৱৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলাত জনসাধাৰণে বিহুৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। অৰণ্য সুৰক্ষা সমিতি অসমে বিগত বছৰৰ দৰে এইবাৰো পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে গছ বিহু পালন কৰিব। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত পহিলা ব’হাগৰ দিনা এই বিহু পালন কৰা হ’ব। একেদৰে কামৰূপ জিলাৰ ৰঙিয়াৰ দীপ্তেশ্বৰীত ২৭ এপ্ৰিলত গছ বিহু পালন কৰা হ’ব। এই উপলক্ষে গছৰ তলত বিহু নাচ গান আৰু পৰিৱেশ সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।