January 25, 2025 12:29 PM | Assam Weather

printer

অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান প্রতিষ্ঠানে জনোৱা মতে অসম আৰু অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত আজি পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য দুখনৰ কোনো কোনো অংশত ধুমুহা-গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনাও প্রতিষ্ঠানটোৱে প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান প্রতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীত আজি সর্বোচ্চ তাপমাত্রা ২৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৬ ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৩ দশমিক ২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৬ দশমিক ৩ ডিগ্রী চেলছিয়াছ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।