কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- দেশৰ ৭০০খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ ৫২টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ছইল হেল্থ কাৰ্ডৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষি খণ্ডৰ বিভিন্ন সমস্যাৰ অধ্যয়ন আৰু ইয়াৰ ওপৰত প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰ কৰা ব্যৱস্থা কৰা হ’ব। কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভাৰতীয় কিষাণ সংঘ অসমৰ বিষয়ববীয়াসকলে এই বিষয়ে প্রকাশ কৰে। তেওঁলোকে কয়, যে কেন্দ্রীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে ভাৰতীয় কিষাণ সংঘক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ উপৰি চৰকাৰী বিভাগসমূহক এই অভিযানত কিষাণ সংঘক জড়িত কৰিবলৈ আহ্বান জনাইছে। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্রই জিলা প্রশাসন, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ১৩ দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ ৫২টা স্থানৰ সকলো গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ হাজাৰৰো অধিক কৃষকক সামৰি লোৱা হ’ব। ধেমাজিৰ বাটঘৰীয়া গাঁও পঞ্চায়তত কাইলৈ এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ড০ ৰণোজ পেগু উপস্থিত থকাৰ কথা। যোৰহাট জিলাত হ’বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী, জিলা কৃষি বিষয়া, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷
Site Admin | May 28, 2025 12:04 PM | assam viksit krishi sankalpa aviyan
ৰাজ্যৰ ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান
