January 1, 2026 1:33 PM | Assam University

printer

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰাই বিশ্ববিদ্যালয় খনত শিলচৰৰ শ্ৰেণী কক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ’ব। বিশ্ববিদ্যালয় খনৰ উপাচার্য অধ্যাপক ডঃ ৰাজীৱ মোহন পন্থৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতা আঁখীৰাণী দাসে জনোৱা মতে- যোৱা ১২ ডিচেম্বৰত ইউজিচিৰ চেক্ৰেটাৰী অঞ্জু মোহন গোলহোত্রাই কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ সচিব জেনিফাৰ তীৰ্কিক এখন পত্রযোগে, অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰিবলৈ সেউজ সংকেত প্রদান কৰিছে। ইয়াৰ আগতে শিক্ষা মন্ত্রণালয়ে ২৮ অক্টোবৰত অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলিৰ প্ৰস্তাৱ ইউজিচিলৈ পঠিয়াইছিল আৰু ৩ নৱেম্বৰত বিশেষজ্ঞ সমিতিৰ সন্মুখত অনলাইন যোগে উপস্থাপন কৰা হয়। এই প্ৰস্তাৱ এখন স্থায়ী বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি বিভাগ মুকলিত একমত প্রকাশ কৰে। অসম বিশ্ববিদ্যালয়ৰ শিলচৰৰ মূল কেম্পাছত অসমীয়া বিভাগ ৭ জন শিক্ষক আৰু ২ জন অশিক্ষক কৰ্মচাৰীৰে আৰম্ভ কৰা হ’ব। সমিতিয়ে এগৰাকী সহকাৰী অধ্যাপককে ধৰি ৭ গৰাকী শিক্ষকৰ লগতে ২ জন অশিক্ষক কৰ্মচাৰীৰে বিভাগটো আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° ৰাজীৱ মোহন পন্থে কয় যে, মন্ত্রণালয়ৰ পৰা এতিয়া আনুষ্ঠানিক চৰকাৰী আদেশৰ বাবে অপেক্ষা কৰি থকা হৈছে। যোৱা ১৮ ডিচেম্বৰ কাৰ্য্যনিৰ্বাহক পৰিষদৰ বৈঠকত এই বিষয়ে আলোচনা কৰা হৈছে। তাৰ পিছত যিমান সোনকালে সম্ভৱ অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰস্তুত হৈছে। উল্লেখযোগ্য যে এই কেন্দ্রীয় বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদত অসমীয়া বিভাগ আছে যদিও শিলচৰৰ মূল চৌহদত অসমীয়া বিভাগ স্থাপনৰ বাবে দাবী উত্থাপিত হৈ আহিছিল।