ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2025 12:33 PM | Assam University

printer

অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ প্রতিমূর্তি স্থাপনৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ আহ্বান

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰাৰ লগতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্রতিমূর্তি স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আহ্বান জনাইছে। কালি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বাংলা ভাষাৰ ১১ গৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত অংশ লৈ ড° গোস্বামীয়ে প্ৰকাশ কৰে। বাংলা আৰু অসমীয়া ভাষাৰ আদান-প্ৰদানৰ মাধ্যমেৰে সাহিত্য সম্ভাৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে অহা ছেপ্তেম্বৰত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে, অসম সাহিত্য সভাৰ সভাপতি ড° গোস্বামীৰ নেতৃত্বত সভাৰ কেইবাগৰাকীও বিষয়-ববীয়া তথা সদস্যই কালি প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিশিষ্ট শিক্ষাবিদ কবিন্দ্ৰ পুৰকায়স্থৰ বাসগৃহলৈ গৈ তেওঁক ‘বৰাক প্ৰহৰী’ বঁটাৰে বিভূষিত কৰে। উপ-সভাপতি পদুম ৰাজখোৱা, মুখ্য সম্পাদক দেৱজিৎ বৰাকে বিষয়ববীয়াসকলে শ্রী পুৰকায়স্থৰ শিলচৰৰ বাসগৃহত তেওঁক গামোচা, জাপি আৰু এখন স্মাৰকেৰে সন্মানিত কৰে।

অধিক পঢ়ক

সকলো চাওক