ডাউনলোড
মোবাইল এপ

android apple
signal

April 10, 2025 8:08 PM | Assam tribune

printer

আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন অনুষ্ঠিত

অসমৰ বাতৰিকাকত প্ৰতিষ্ঠানৰ আটাইতকৈ পুৰণি শ্রমিক সংগঠন আছাম ট্রিবিউন এম্পলইজ ইউনিয়নৰ ৬৮ সংখ্যক অধিৱেশন আজি অনুষ্ঠিত হয়। আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ চৌহদত অনুষ্ঠিত অধিৱেশনত ৰাজ্যৰ বিশিষ্ট আইনজীৱি শান্তনু বৰঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাম্প্রতিক সময়ত সংবাদপত্ৰ আৰু ইয়াৰ কৰ্মীসকলৰ সংকট, শ্রম আইন আৰু গণতন্ত্ৰৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। ইউনিয়নৰ সভাপতি শিৱ প্ৰসাদ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত প্ৰতিষ্ঠানৰ ভালেমান অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ কৰ্মচাৰী উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক