সমগ্র শিক্ষা, অসমে নির্দেশনা জাৰি কৰা অনুসৰি সাময়িকী মূল্যাংকন পৰীক্ষা–PET ৰাজ্যৰ দহ সহস্রাধিক বিদ্যালয়ে অনুষ্ঠিত নকৰিলে। যোৱা ১৬ আৰু ১৭ জুনত সমগ্ৰ শিক্ষাই ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। ৰাজ্যখনত থকা ৪৩ হাজাৰ ৭১৬খন বিদ্যালয়ৰ ভিতৰত ৩৩ হাজাৰ ৩৩৫ খন বিদ্যালয়ত PET অনুষ্ঠিত হয় যদিও ১০ হাজাৰ ৩৮১ খন বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত কৰা নহ’ল। সমগ্র শিক্ষা, অসমে কালি প্ৰকাশ কৰা তথ্য অনুসৰি ৩৫ খন জিলাৰ আটাইকেইখনে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে যদিও দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সৰ্বাধিক সংখ্যক বিদ্যালয়ে PET অনুষ্ঠিত কৰে। পৰীক্ষাত জিলাখনৰ অংশগ্ৰহণৰ হাৰ ৯৬ দশমিক ৫ শতাংশ। ইফালে, বঙাইগাঁও, হোজাই, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, নলবাৰী, তিনিচুকীয়া আৰু ওদালগুৰিত ৮০ শতাংশতকৈ অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। গুণোৎসৱত প্ৰথম স্থান লাভ কৰি অহা শিৱসাগৰ জিলাত এই পৰীক্ষা অনুষ্ঠিত কৰা বিদ্যালয়ৰ হাৰ ৭০ শতাংশহে। উল্লেখযোগ্য যে ৰাজ্যত অসমীয়া, ইংৰাজী, বড়ো আৰু বাংলা মাধ্যমত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।
Site Admin | July 3, 2025 1:23 PM | assam school pet 16-17 june
ৰাজ্যৰ ১০,৩৮১খন বিদ্যালয়ত অনুষ্ঠিত নহ’ল সমগ্ৰ শিক্ষাৰ সাময়িকী মূল্যাংকন পৰীক্ষা