ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 24, 2025 1:17 PM | Assam sahitya sabaha

printer

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি অব্যাহত

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে। অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ভট্টদেৱ ক্ষেত্ৰত হ’বলগীয়া সভাৰ অধিবেশনৰ বাবে এইবাৰ ৬ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে এইবাৰ অধিবেশনত সকলো প্রতিনিধিক বিনামূলীয়াকৈ ভ্রাম্যমান থিয়েটাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে। ভ্ৰাম্যমান আৰু যাত্ৰাপাৰ্টীৰ জন্মস্থান বজালী হোৱা হেতুকে অধিবেশনত যাত্ৰাপাৰ্টীৰ নাট প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। আনহাতে, ইতিহাস সন্মিলন, বুৰঞ্জী সন্মিলন, বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পাঁচখন মঞ্চ সাজু কৰি তোলা হৈছে। অধিবেশনত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক আদৰিবলৈ ২০ লক্ষাধিক টকাৰ বাজেটেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰস্তুতি চলোৱা বুলিও শ্রীদাসে প্ৰকাশ কৰিছে।