অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্রা, আলোচনাচক্র, স্মৃতি গ্রন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, নৱ প্ৰজন্মৰ প্ৰতিনিধিকে ধৰি বহুলোকে অংশগ্ৰহণ কৰে।
Site Admin | December 4, 2025 12:29 PM | Assam sahitya sabaha
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত