ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা-সাহিত্যৰ সমন্বয় সাধনৰ প্ৰয়াস

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে প্রতিবেশী ৰাজ্যৰ সৈতেও ভাষা-সাহিত্যৰ মাজত মিলন সেতু গঢ়াৰ লক্ষ্যৰে অসম সাহিত্য সভাই সেতুবন্ধ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত শেহতীয়াকৈ বৰাক উপত্যকাৰ তিনিওখন জিলাতে সেতুবন্ধ যাত্ৰাৰ অধীনত অসমীয়া আৰু বাংলা ভাষা- সাহিত্যৰ সমন্বয় সাধনৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে উপত্যকাটোত সেতুবন্ধ যাত্ৰাৰ অন্তিম দিনা অসম সাহিত্য সভাই বর্ণাঢ্য কাৰ্যসূচীৰে বাংলা ভাষা ছহিদ দিৱসৰ আয়োজন কৰে। ইয়াৰ আগেয়ে যোৱা ১৮ এপ্ৰিলৰ পৰা ২০ এপ্রিল পর্যন্ত কেইবাখনো জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হৈছিল। ইয়াৰ অংশ হিচাপে জিলা আৰু শাখা সভাসমূহৰ ন-পুৰণি কর্মকর্তা আৰু আজীৱন সদস্যসকলৰ উপৰি বৌদ্ধিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে আলাপ-আলোচনা অনুষ্ঠিত হৈছিল। তদুপৰি সভাই চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশতো এই কার্যসূচী আয়োজনৰ দ্বাৰা সমন্বয় সাধনৰ প্ৰয়াস কৰিছিল।