ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰে’ল আৰক্ষীয়েও ৰে’ললাইনসমূহত সতর্ক দৃষ্টি ৰাখিছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ইপিনে, খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে গুৱাহাটী মহানগৰীত নিৰাপত্তাকে ধৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কাৰ্বি আংলং জিলাৰ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ বাবে কুচ-কাৱাজৰ অনুশীলন কাৰ্যসূচীৰ কালি সামৰণি পৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনত বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক চৰকাৰৰ অনুদান প্ৰদান কৰা হ’ব। শিলচৰত এই দিৱসৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা সুনিশ্চিত কৰাৰ বাবে কাছাৰ আৰক্ষীয়ে পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। শিলচৰ সদৰ থানাৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সামৰণি পৰে। যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে কালি যোৰহাট ক্রীড়া সন্থাৰ খেল পথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে কুচ-কাৱাজৰ চূড়ান্ত অনুশীলন নিৰীক্ষণ কৰে।