October 29, 2025 11:36 AM | assam rash mahotsav

printer

ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন, পূৰ্ণগতিত অব্যাহত আখৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। হোজাই জিলাৰ বামুণগাঁৱতো পৰম্পৰা ৰক্ষা কৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। লংকাৰ বামুণগাঁও, পিপলপুখুৰী আৰু জুঠাংবস্তি আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত অহা ৫ আৰু ৬ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব। প্ৰথম দিনা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনেৰে অনুষ্ঠান মুকলি কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাট অনুষ্ঠিত হ’ব। দ্বিতীয় দিনা স্থানীয় শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।