অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে সদনৰ প্রশ্নোত্তৰকালত এই কথা সদৰী কৰি কয়, যে উচ্চ পৰ্যায়ৰ এই কমিটীখনে অনুপ্ৰৱেশ আৰু অন্যান্য অস্বাভাৱিক কাৰণৰ বাবে হোৱা জনগাঁথনি পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ বিশ্লেষণ কৰিব আৰু প্ৰতিবেদনযোগে চৰকাৰক পৰামৰ্শ আগবঢ়াব। কমিটীখনে এই ক্ষেত্ৰত অতিৰিক্ত নীতি প্ৰস্তুত কৰাৰ লগতে আইন আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰাৰো দিহা প্ৰদান কৰিব। অৱশ্যে এই উচ্চ পৰ্যায়ৰ কমিটীখন কাৰ নেতৃত্বত আৰু কেতিয়া গঠন কৰা হ’ব সেই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কোনো তথ্য প্রকাশ কৰা নাই। উল্লেখযোগ্য যে চলিত বৰ্ষৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনগাঁথনি পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহক লৈ উচ্চ পৰ্যায়ৰ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰিছিল। যোৱা ১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰসংগ উত্থাপন কৰি ইয়াৰ কাৰ্যপৰিধি আৰু চৰ্তাৱলী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰিছিল। এই বৈঠকতে উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল। মূলতঃ অসম-বাংলাদেশ আৰু পশ্চিমবংগ-বাংলাদেশৰ দৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত উচ্চ পৰ্যায়ৰ কমিটীখনে বিশেষ অধ্যয়ন চলাব।
Site Admin | December 16, 2025 12:07 PM | assam ranjyasabha population
অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত