ৰঙালী বিহুৰ ষষ্ঠ দিনটো বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন

ৰঙালী বিহুৰ ষষ্ঠ দিনটো আজি বিভিন্ন স্থানত জীয়ৰী বা চেনেহী বিহু হিচাপে পালন কৰা হয়। গোৱালপাৰা জিলাতো আজি এই বিহুৰ কাৰ্যসূচী লোৱা হৈছে। ইপিনে জিলাখনৰ বৰদামাল আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে আজিৰ পৰা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি ৰাভা জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত খেল লেৱা টনা প্রতিযোগিতা অনুষ্ঠিত হয়। ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত ব’হাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে বাঁহ গোঁসাই, পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে কালিৰে পৰা তিনিদিনীয়াকৈ বাঁহ গোঁসাই উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱৰ অংশ হিচাপে বাঁহ গোসাঁই পূজাৰ পৰম্পৰা ৰক্ষা কৰাৰ লগতে শৰণীয়া লোক নৃত্য-গীত পৰিৱেশন কৰা হৈছে। বজালী জিলাৰ বিভিন্ন স্থানত কাইলৈ অৰ্থাৎ সাত বিহুৰ দিনা পাউৰাতোলা উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুসৰি এই উৎসৱৰ বাবে বাঁহ গোঁসাইক ৰং বিৰঙী বস্ত্ৰৰে সজাই এটা নিৰ্দিষ্ট স্থানলৈ লৈ আহি ৰীতি-নীতি পালন কৰা হয়। উত্তৰ কামৰূপৰ কোনো কোনো অঞ্চলত অনুৰূপ ধৰণৰ উৎসৱ ভঠেলি হিচাপে কাইলৈ উদযাপন কৰা হ’ব।