বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ পাছত অসমৰো ভিন্ন প্ৰান্তত প্ৰতিবাদ

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বাঙালী যুৱ মঞ্চ, ধুবুৰী আৰু সনাতন সমাজে কালি সন্ধিয়া ধুবুৰীৰ পাচমোৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাক নিন্দা কৰাৰ লগতে বাংলাদেশত হিন্দুৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। বৰাক উপত্যকাৰ শ্রীভূমিত কালি বঙালী পৰিষদৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে দেশখনত দীপু দাস নামৰ লোকজনৰ নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক সতৰ্ক কৰি দিয়ে। তেওঁলোকে এই ঘটনাত কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনায়। শিৱসাগৰত উজনি অসম থলুৱা মুছলীম কল্যাণ পৰিষদ আৰু উজনি অসম মুছলীম কল্যাণ পৰিষদে কালি বাংলাদেশৰ চৰকাৰ আৰু মৌলবাদী সংগঠনৰ কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ঢাকাত দীপু দাসৰ হত্যাৰ ঘটনাক গৰিহণা দি কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

ৰাজ্য চৰকাৰে বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্র বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বাংলাদেশত ভাৰতবিৰোধী অপপ্ৰচাৰ সম্পৰ্কত দেশখনৰ চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

আনহাতে, বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতৰ সহকাৰী উচ্চায়োগৰ সমীপত শেহতীয়াকৈ হোৱা অপ্রীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। ইপিনে, শনিবাৰৰ পৰা দেশখনৰ চট্টগ্রামত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হৈছে।