অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াই কৰ্মশালাত অংশগ্রহণ কৰে। নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ এই কৰ্মশালা পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে শুভাৰম্ভ কৰা হয়। বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী, ৰাজীৱ কুমাৰ সাউদ আৰু সোনম দেৱীয়ে নাট কর্মশালাত প্রশিক্ষণ দিয়ে। বিশিষ্ট মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় আৰু দেৱকান্ত হাজৰিকা আৰু দিগন্ত হাজৰিকাই সুকুমাৰ কলাৰ কৰ্মশালাৰ সমল ব্যক্তি হিচাপে অংশ লয়। যশস্বী নৃত্য পৰিচালক কমল নাথ আৰু প্ৰিয়ংকা কাশ্যপে নৃত্য তথা ৰাজ আহমেদ আৰু দীপক দাসে সংগীতৰ কর্মশালাত সমল ব্যক্তি হিচাপে প্রশিক্ষণ দিয়ে। বিয়লি ৩ বজাৰ পৰা অনিলাভা চেটার্জী পৰিচালিত মেছি নামৰ শিশু চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। এভাৰেষ্ট জয়ী প্ৰখ্যাত পর্বতাৰোহী তৰুণ শইকীয়াই চলচ্চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। বিয়লি চাৰে চাৰি বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কার্যসূচী বিশিষ্ট সংগীত শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন বিষয়া অৱনী ৰঞ্জন পাঠকে উদ্বোধন কৰে। মহোৎসৱৰ বাকৰিত কাইলৈ সঁফুৰা বৃত্তি প্ৰদান কৰা হ‘ব। এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপৰি কেইবাগৰাকীও সাহিত্যিক আৰু সাংবাদিক উপস্থিত থকাৰ কথা ৷
Site Admin | July 12, 2025 8:35 PM | assam prakashan porishad
গুৱাহাটী শিশু মহোৎসৱৰ তৃতীয় দিনাও ডেৰ শতাধিক শিশু চেমনীয়াৰ অংশগ্রহণ
