ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱৰ আজি পঞ্চম দিনা দন্ত সজাগতা চিকিৎসা শিবিৰ মুকলি কৰা হয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্বাৱধানত আয়োজিত শিবিৰত অভিভাৱকসকলে অংশগ্ৰহণ কৰে। ডাঃ কটকীয়ে অসম প্ৰকাশন পৰিষদৰ শিশু মহোৎসৱ আয়োজনৰ লগতে দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতনতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয়, যে শিশুসকলক নাটক, কবিতা আবৃত্তি আদি শিকিবলৈ উৎসাহিত কৰা হয় যদিও ইয়াৰ বাবে শুদ্ধ উচ্চাৰণ বা ধবনি প্রয়োজনীয়। দাঁতৰ গঠনৰ ওপৰতে উচ্চাৰণ বা ধবনি নিৰ্ভৰ কৰে বুলিও তেওঁ উল্লেখ কৰে। আজি মহোৎসৱৰ কাৰ্যসূচী পুৱা আৰতী হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে আৰম্ভ হয়। ইয়াৰ পাছতে নাট, মুকাভিনয়, সুকুমাৰ কলা আৰু সংগীতৰ কৰ্মশালা অনুষ্ঠিত হয়। বিয়লি ৩ বজাৰ পৰা শান্তনু সাহা পৰিচালিত দা হিট উইকেট নামৰ চুটি চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয়। বিয়লি চাৰে ৪ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচী বিশিষ্ট সংগীতশিল্পী সূর্য গোস্বামীয়ে উদ্বোধন কৰে।