ডাউনলোড
মোবাইল এপ

android apple
signal

২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা অসম প্ৰকাশন পৰিষদৰ

অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়োকে ধৰি অন্যান্য জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ ২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি পৰিষদে গ্রন্থবৰ্ষ ২০২৫ ফেলশ্বিপ’ শীর্ষক প্রকল্প গ্রহণ কৰিছে। এই প্ৰকল্পৰ অধীনত লেখক-গ্ৰন্থকাৰসকলে পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত বিষয়সমূহৰ মাজৰ পৰা যিকোনো বিষয় বাছনি কৰি ৰচনা কৰা গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ফেল’শ্বিপ লাভ কৰিব। গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা প্রকাশ কৰে। এই প্ৰকল্পৰ অধীনত নিজৰ গ্ৰন্থ প্ৰকাশৰ বাবে ইচ্ছুক লেখক-গ্ৰন্থকাৰসকলে অহা ৩১ জুলাইৰ ভিতৰত নিজৰ গ্ৰন্থৰ বিষয় অবগত কৰি পৰিষদলৈ আবেদন কৰিব লাগিব। এই প্ৰকল্পৰ ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাই। প্রাচ্যতত্ত্ব, লোক-সংস্কৃতি, লোক-সাহিত্য, জনগোষ্ঠীয় সমাজ, বিজ্ঞান, সাহিত্য তত্ত্ব, ভাষাতত্ত্ব, পুৰাতত্ত্ব, সংস্কৃতি, শিশু সাহিত্য, মহৎ সাহিত্যৰ অনুবাদ, ইতিহাস, বীৰগাথা, জীবনী, ক্রীড়া, চলচ্চিত্রকে ২২ টা বিষয়ক লৈ গ্ৰন্থৰ পাণ্ডুলিপি পৰিষদলৈ প্ৰেৰণ কৰিব পাৰিব। অহা চাৰিটা মাহৰ ভিতৰত গ্ৰন্থ ৰচনা কৰি জমা দিয়া লেখকৰ পাণ্ডুলিপি পৰিষদৰ দ্বাৰা গঠিত উচ্চ পৰ্যায়ৰ দহজনীয়া সমিতিয়ে পৰীক্ষা কৰিব। এই প্ৰকল্পৰ অধীনত মনোনীত হোৱা গ্ৰন্থৰ পাণ্ডুলিপিৰ লেখকে গ্ৰন্থৰ কলেৱৰ অনুসৰি ৫০ হাজাৰ টকাৰ পৰা ৭৫ হাজাৰ টকা লাভ কৰিব। মনোনীত অর্থাৎ ফেল’শ্বিপ লাভ কৰা পাণ্ডুলিপিসমূহ পর্যায়ক্রমে অসম প্ৰকাশন পৰিষদে প্রকাশ কৰিব।