ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম প্ৰকাশন পৰিষদৰ অসমীয়া পৰিভাষাৰ ডিজিটেল এপ মুকলিৰ কাম আৰম্ভ

অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা পৰিভাষাৰ সমস্যা দূৰীকৰণৰ বাবে অসম প্ৰকাশন পৰিষদে এটা এপ মুকলিৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক অধ্যক্ষৰূপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া পৰিভাষাৰ এই ডিজিটেল এপটো সকলোৰে বাবে মুকলি কৰি দিয়া হব বুলি পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিছে। তেওঁ কয়, যে এন্ড্রইড মোবাইল ফোন, আইফোন ব্যৱহাৰকাৰীসকলে এপটো সহজে ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব। ইংৰাজী ভাষাৰ যিবোৰ শব্দৰ অসমীয়া পৰিভাষা ব্যৱহাৰ কৰাটো সম্ভৱ সেইবোৰ শব্দ এই এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে লাভ কৰিব। কম্পিউটাৰত অসমীয়া ভাষা লিখাৰ সময়ত এই এপটোৰ জৰিয়তে যথাযথ শব্দ ব্যৱহাৰ লিখিব পাৰিব।