December 9, 2024 7:51 PM | assam-portfolio

printer

অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত ৪ মন্ত্ৰীক দায়িত্ৱ অৰ্পণ, পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰৰ সালসলনি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চাৰে তিনি বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সালসলনি ঘটাইছে। মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা-বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্রধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশু পালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে। ৰূপেশ গোৱালাক শ্রমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰ দায়িত্বৰো সালসলনি ঘটাইছে। গৃহ আৰু কৰ্মচাৰী বিভাগৰ দায়িত্ব পূৰ্বৰ দৰেই মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। একেদৰে লোকনিৰ্মাণৰ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ আৰু লোকনিৰ্মাণৰ পথ শাখাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে চোৱাচিতা কৰিব। চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজে বহন কৰাৰ লগতে আন মন্ত্ৰীক আৱণ্টন নকৰাৰ বিভাগৰ দায়িত্বও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হাতত থাকিব। ৰণজিৎ‍ কুমাৰ দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বৰ লগতে আইন, পৰ্যটন আৰু সাধাৰণ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছে। অতুল বৰাক কৃষি, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব দিয়া হৈছে।