ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহো কাইলৈ ঘোষণা কৰা হ’ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ পুৱা চাৰে ১১ বজাত ফলাফলসমূহ উপলব্ধ হ’ব। কাইলৈ অসম আৰক্ষীৰ ১৪৪টা উপ-পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ ৭টা উপপৰিদৰ্শক পদ, অসম কামাণ্ডো বেটলিয়নৰ ৫১টা উপ-পৰিদৰ্শক পদ আৰু ১৬৪টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল উপলব্ধ হ’ব।

ইপিনে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ কাইলৈ পুৱা চাৰে ১০ বজাত ঘোষণা কৰা হ’ব। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।