ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদৰ ফলাফল দিনৰ ১১ বজাত ৱেৱছাইটযোগে ঘোষণা হ’ব

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ ১১ বজাত ফলাফল উপলব্ধ হ’ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাৰি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত পুৱা ৭ বজাৰ পৰা শাৰীৰিক মান আৰু যোগ্যতা পৰীক্ষা অনুষ্ঠিত হ’ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে শাৰীৰিক মান আৰু যোগ্যতা পৰীক্ষাৰ বাবে ৯ মাৰ্চৰ দিনৰ ১১ বজাৰ পৰা সংশ্লিষ্ট ৱেৱছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। একেদৰে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।