ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটীৰ বিভিন্ন ডেম্পত আৰক্ষীৰ অভিযান; প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি সামগ্ৰী উদ্ধাৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাঁহ-পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজাৰ সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্রী আদিও আছে। চানমাৰিৰ উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে কালি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নুৰ আলম নামৰ ডেম্পৰ গৰাকীজনক চুৰি সামগ্রীসহ গ্রেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিনোদ ৰায় নামৰ আন এজন  ডেম্পৰ গৰাকীক মালিগাঁৱৰ পৰা আটক কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে চুৰি সামগ্ৰীসমূহ প্রথমে সৰু ডেম্পত বিক্ৰী কৰা হয় আৰু পাছত মহানগৰীৰ বৃহৎ ডেম্পে এই সামগ্রীসমূহ গলাই বিভিন্ন আকৃতিত দিল্লী আৰু ৰাজ্যৰ বাহিৰৰ আন উদ্যোগলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি উপ-আৰক্ষী আয়ুক্ত সম্ভাৱী মিশ্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক