ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 29, 2025 1:12 PM | Assam Police

printer

অসম আৰক্ষীৰ বিশেষ অভিযানত প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ

অসম আৰক্ষীয়ে যোৱানিশা বিশেষ অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা ৭৪৫ গ্রাম হেৰইন জব্দ কৰে আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি হব বুলি অনুমান কৰা হৈছে। ইপিনে, নগাঁও আৰক্ষীয়ে যোৱানিশা বঘাট বাইপাছত এখন বাহন ৰখাই বাহনখনৰ পৰা ১৯ হাজাৰৰো অধিক ডাইক্ল’মাইন হাইড্ৰ’ক্লাইড কেপচুল জব্দ কৰে। এই কেপচুলখিনিৰ মূল্য ১ কোটি টকা হব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত তিনিজন লোকক আটক কৰিছে।