December 16, 2025 7:38 PM | Assam Police

printer

অসম আৰক্ষীত খালী হৈ থকা ২,৩৫০টা পদ পূৰণ কৰাৰ বিজ্ঞাপন প্ৰকাশ

অসম আৰক্ষীত খালী হৈ থকা দুহেজাৰ ৩৫০টা পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে প্রতিশ্রুতি পূৰণৰ দিশে আগবঢ়া বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আজি প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি ৪৮টা উপ-পৰিদৰ্শক, ৩৯টা সহকাৰী কাৰাধ্যক্ষ, এহেজাৰ ৫২টা কনিষ্টবলকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।