অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্রতি দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত অসম আৰক্ষীয়ে অনুসন্ধানৰ ক্ষেত্ৰত সৰ্বশ্রেষ্ঠ পাৰদৰ্শিতা দেখুৱাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।
অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্রতিশ্রুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূর্বে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ ঠাইত বৰ্তমানলৈ ১ লাখ ৪০ হাজাৰ নিবনুৱা যুবক-যুবতীক চাকৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ ৫ হাজাৰ পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্রকাশ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° শর্মাই কয়।
মুখ্যমন্ত্রীয়ে কালি নিযুক্তি পত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ প্রার্থী আছে। নির্বাচিত প্রার্থীসকলৰ ৫ হাজাৰ ১০ গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে অসম আৰক্ষী অনাতাঁৰ সংগঠন, ৩৬১ গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, ২১ গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, ১২ গৰাকীয়ে কাৰাগাৰ আৰু তিনিগৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে।
চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত ৩ শতাংশ পদত বাছনি লাভ কৰা ১২০ গৰাকী প্রার্থীক অহা ৮ ডিচেম্বৰত পৃথকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব।