ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2025 11:58 AM | Assam Police

printer

ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ

অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তকে ধৰি ৰাজ্যৰ ১৩ গৰাকী আৰক্ষী বিষয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে। অনুসন্ধান শাখাত উপ-আৰক্ষী অধীক্ষক ফুলকৰ নাৰ্জাৰী, মাধুৰীমা দাস, তদানীন্তন মহকুমা আৰক্ষী বিষয়া প্রকাশ সোণোৱাল আৰু উপ-পৰিদৰ্শক উমেশ বৰাই গৃহমন্ত্ৰীৰ দক্ষতা পদক লাভ কৰিছে। একেদৰে বিশেষ অভিযান শাখাত তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেণ্ড, আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ সিং হাজাৰী, পৰিদৰ্শক সৰোজ দলে, শংকৰজ্যোতি নাথ, কপিল পাঠক আৰু বিক্ৰম বসুমতাৰীলৈ গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে। জেহাদিৰ বিৰুদ্ধে চলোৱা অভিযান আৰু অনুসন্ধানত লাভ কৰা সফলতাৰ বাবে এই আৰক্ষী বিষয়াসকললৈ গৃহমন্ত্ৰীৰ দক্ষতা পদক আগবঢ়োৱা হৈছে। ইপিনে মণিপুৰৰ আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা কৰাৰ বাবে চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্রধান গৰাকীয়ে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখেলশ কুমাৰ সিং, বিশেষ আৰক্ষী উপ-মহাপৰিদৰ্শক অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ চৰণদ্বীপ সিং, একাদশ আৰক্ষী বেটেলিয়নৰ অধিনায়ক টাবুৰাম পেণ্ড, লাচিত বৰফুকন পুলিচ একাডেমীৰ অধিনায়ক আব্দুল কাদীৰ আৰিফ, ছামাদ হুছেইন, গৌৰৱ কুমাৰ আগৰৱাল, পাপৰি চেতিয়া আৰু কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তালৈ প্রশংসা চিহ্ন আগবঢ়াইছে।