ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2025 12:25 PM | Assam Police

printer

মাদক দ্রব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বিশেষ সফলতা লাভ

অসম আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰিছে। কাছাৰ আৰক্ষীয়ে কালি টোলেনগ্রামত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। জব্দ কৰা মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ডেৰ কোটিৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে।

ইপিনে, গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাধা নগৰৰ চলত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইনসহ এজন লোকক আটক কৰে। মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্রায় দুই কোটি টকা বুলি আৰক্ষীয়ে জনাইছে।