ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:23 PM | Assam Police

printer

ৰাজ্যত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানমৰ্মে ৰাজ্যখনত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ সকলো তথ্য এমাহৰ ভিতৰত চালি-জাৰি চোৱাৰ লগতে এই সময়ছোৱাত এই তথ্যসমূহ প্রমাণিত নহ’লে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈও নিৰ্দেশ দিয়া হৈছে। অসম আৰক্ষীয়ে এই নিৰ্দেশৰ পাছতে অভিযান তীব্ৰতৰ কৰি তোলে। মৰিগাঁও জিলাত কালি আৰক্ষীয়ে ৯ জন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখি ভালেসংখ্যক সন্দেহজনক লোকৰ নথিপত্র পৰীক্ষা কৰে। গুৱাহাটী মহানগৰ আৰক্ষীয়েও মহানগৰীখনৰ বিভিন্ন প্ৰান্তত যোৱা নিশাৰে পৰা অভিযান অব্যাহত ৰাখি ঢেৰ শতাধিক সন্দেহজনক লোকক আটক কৰিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ তিনিখন আৰক্ষী জিলাৰ তিনিওগৰাকী উপ-আৰক্ষী আয়ুক্তৰ লগতে কেইবাগৰাকীও শীর্ষ বিষয়াই সন্দেহজনক বুলি চিনাক্ত হোৱা লোকসকলৰ নথিসমূহ বিৰুবাৰী আৰক্ষী ছাউনীত পৰীক্ষা কৰে। একেদৰে গোলাঘাট জিলাৰ সীমান্ত আৰক্ষী আৰু মেৰাপানী আৰক্ষীয়ে কালি জিলাখনৰ মেৰাপানীৰ পৰা ছজন বাংলাদেশী নাগৰিকক আটক কৰে। এই লোককেইজনক যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। আটকাধীন লোককেইজনৰ ভিতৰত গৰাকী মহিলা আছে। মেৰাপানী আৰক্ষীয়ে আটাইকেইগৰাকীকে যোৰহাটস্থিত সীমান্ত কোষলৈ প্ৰেৰণ কৰিছে। শিৱসাগৰ আৰক্ষীয়েও শনিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৭ গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। আটকাধীন লোককেইজনৰ ভিতৰত দুগৰাকী মহিলাও আছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই ৷

অধিক পঢ়ক

সকলো চাওক