ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 5, 2025 12:50 PM | Assam Police

printer

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীৰ এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দি আৰু চিৰাঙত ৩ জন, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা, দক্ষিণশালমাৰা মানকাচৰ, হোজাই আৰু নগাঁৱত দুজনকৈ তথা বিশ্বনাথ, দৰং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, শ্রীভূমি, বৰপেটা আৰু তামুলপুৰ জিলাৰ এজনকৈ লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

সামাজিক মাধ্যমযোগে ধর্মীয় অনুভূতিত আঘাত হনা তথা সাম্প্রদায়িক মন্তব্য কৰাৰ অভিযোগত বৰপেটাৰ আৰক্ষীৰ এটা দলে শনিবাৰে নিশা জিলাখনৰ এজন যুৱকক তেলেংগানাৰ পৰা গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱকজন জিলাখনৰ কাছুমাৰা থানাৰ অধীনৰ চাগবান্ধা গাঁৱৰ বাসিন্দা আৰু বিগত কিছুদিন ধৰি তেলেংগানাত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।