জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে কাছাৰৰ পৰা নাচিব আহমেদ, চিৰাঙৰ পৰা চাহিন আহমেদ মজুমদাৰ, কামৰূপৰ পৰা মস্তাক ৰহিম আলী ওৰফে চনু, লখিমপুৰৰ পৰা মহম্মদ ফুলঝাৰ হুছেইন, শোণিতপুৰৰ পৰা মহম্মদ ফুৰকান আলী আৰু দক্ষিণ শালমৰাৰ পৰা চুজাবুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে হাইলাকান্দিত ৩ জন, চিৰাং, কোকৰাঝাৰ, কামৰূপ, গোৱালপাৰা আৰু নগাঁৱত দুজনকৈ তথা বিশ্বনাথ, দবং, গোলাঘাট, ধুবুৰী, লখিমপুৰ, মৰিগাঁও, শিৱসাগৰ, শোণিতপুৰ, শ্রীভূমি, দক্ষিণ শালমাৰা মানকাচৰ আৰু তামুলপুৰ জিলাৰ এজনকৈ লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপ্রীতিকৰ মন্তব্য দিয়াৰ অভিযোগত শ্ৰীভূমি জিলাৰ বাটাবাৰী আৰক্ষীয়ে কালি এজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷
Site Admin | April 30, 2025 12:34 PM | Assam Police
জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি
