সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ইমদাদুল ইছলাম নামৰ লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। এই লোকজনৰ সৈতে লাহৰীঘাটৰ আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে ২৭ এপ্ৰিলত নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্রমণ সংঘটিত কৰিছিল। দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ শুইছ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ধিং অভিমুখে আহি থকা অৱস্থাত এটা ১৫ জনীয়া দুর্বৃত্তৰ দলে তেওঁলোকক আক্ৰমণ কৰে । মুখত ক‘লা কাপোৰ বান্ধি অহা দলটোৱে সাংসদ প্রদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্র মহছেন খানৰ দুখন গাড়ী ভাঙি চূৰমাৰ কৰে। এই আক্ৰমণত সাংসদগৰাকীৰ লগতে মামাই পেগু, কংগ্ৰেছৰ মুখপাত্র মহছেন খান, বিধায়িকা শিৱামণি বৰাৰ লগতে কেইবাজনো দলীয় কর্মী আহত হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদানৰ দ্বাৰা এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল‘বলৈ দাবী জনাইছিল।